অম্বিকাঅম্বিকাগিৰি

অম্বিকা ৰাণী (Assamese) [ Roman: om.bi.ka ra.ni]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-30
1. Historial(Proper Noun-Feminine) Second wife of Ahom king Shiva Singha. স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়া পত্নী অম্বিকা ৰাণী৷ এই গৰাকী ৰাণীয়ে বিখ্যাত শিৱসাগৰ পুখুৰী খন্দোৱাই – চাৰিও ফালে চাৰিটা পাহাৰ সদৃশ পাৰ বন্ধাই দিয়ে ৷ পুখুৰীৰ পাৰত শিৱদ’ল-বিষ্ণুদ’ল আৰু দেৱী দ’ল নিৰ্ম্মান কৰাই দি শাক্ত, শৈৱ আৰু বৈষ্ণৱ পন্থী লোকৰ মাজত বিভেদতা নাশ কৰি এক ধৰ্ম্মীয় ঐক্যমঞ্চ গঢ়াৰ প্ৰয়াস কৰিছিল ৷ চিত্ৰ-শিল্প বিকাশৰ ক্ষেত্ৰতো তেঁও আগ্ৰহী আৰু অনুৰাগী আছিল ৷ তেঁও সুকুমাৰ বৰকাইথৰ হতুৱাই-হস্তীবিদ্যাৰ্নৱ পুথি খন লিখোৱাই-হাতীৰ আকাৰ প্ৰকাৰ-বেমাৰ আজাৰ আৰু তাৰ চিকিৎসা ব্যৱস্থাৰ বাবে চিত্ৰ আঁকোৱাইছিল ৷ এই কামৰ বাবে ৰাণী আম্বিকাই দিল্লীৰ বাদচাহৰ লগত যোগাযোগ কৰি দিলবৰ আৰু দোচাই নামৰ দুজন চিত্ৰশিল্পীক অসমলৈ অনাই প্ৰসাৰণ ঘটোৱাৰ প্ৰয়াস কৰিছিল ৷